newsnextone.com | বঢ়মপুৰঃ এগৰাকী কিশোৰ শিল্পী। যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে জীৱন্ত ছবি। কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট ৰজাপথাৰ তিনিআলিৰ প্ৰভাত দাৰফাং আৰু প্ৰনামি বৰদলৈৰ এক মাত্ৰ পুত্ৰ অৰ্ণৱ দাৰফাঙৰ আছে এক বিশেষ প্ৰতিভা। বকলিয়াঘাট ভূই-বালি বিদ্যাক্ষেত্ৰৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত অৰ্ণৱে যিকোনো দৃশ্য প্ৰত্যক্ষ কৰি হুবহু অংকন কৰিব পাৰে।
অৰ্ণৱৰ বহু ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিশেষ সমাদৰ লাভ কৰিছে। শেহতীয়াকৈ ‘জোনাকী অসমীয়াৰ চিনাকি’ নামৰ আলোচনী খনত মুখ্য চিত্ৰকৰ হিচাপে নিৰ্বাচিত হয় ১২ বছৰীয়া অৰ্ণৱ দাৰফাং। শাওন মাহৰ সংখ্যাত প্ৰকাশিত চিত্ৰই সমগ্ৰ অসমত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।