কাজিৰঙাঃ সংস্কৃতিয়ে পৰিৱর্তন কৰাত সহায় কৰে। সংস্কৃতিয়ে অভ্যন্তৰীণ সৃজনশীল প্ৰতিভাক বিকাশত সহায় কৰে। শিল্পকলা বুলি কলে প্ৰধানকৈ কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ আদিয়ে মানুহৰ পৰিৱৰ্তন সাধন কৰে৷

আমাৰ ৰাজ্য অসম খনো চিত্ৰকলা আৰু শিল্পকলাৰ ভৰাল স্বৰূপ৷ অসমৰ বহু যুৱকে বিভিন্ন দিশত প্রতিভা বিকাশ কৰিছে ইতিমধ্যেই৷ জাদু প্ৰদৰ্শন, বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকসংগীত, নাট আৰু থিয়েটাৰ, মূকাভিনয়, কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ কৰি প্ৰতিভা প্ৰকাশ কৰা দেখা যায়৷

চিত্ৰকলাৰ জৰিয়তে এখন সমাজৰ পৰিৱৰ্তন কৰিবলৈ তথা শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ কচৰৎ কৰিব পৰাটো এক বৃহৎ উপলদ্ধি৷ তেনেই এগৰাকী যুৱক পাপু৷ যিগৰাকীয়ে  এই কৰ্মত অহৰহ ব্ৰতী থাকি কাজিৰঙাৰ সন্তান পাপু ঘোষে বাস্তৱক সংৰক্ষণ কৰিবলৈ চেষ্টা চলাই গৈছে৷ আর্ট, অংকন, চিত্রকর্মৰ জৰিয়তে বাসত্ৱক অংকণ কৰি সমাজৰ বিভিন্ন দিশ ফুটাই তোলা এগৰাকী যুৱক৷

সমাজত ঘটি থকা ঘটনা প্ৰৱাহ অংকন কৰা পাপুৱে দুৰ্নীতি, অন্যায়, হিংসা, প্ৰকৃতি, মৰম, ভালপোৱা, সুখ, দুখ, আনন্দ, আৱেগ, অনুভূতি ফুটাই তোলে পাপুৱে৷ যাৰ হাতৰ পৰশত সজীৱ হয় একো একোটা বিষয়৷ জীৱনক ভাল পোৱা, যৌৱনক ভাল পোৱা পাপুৱে কেতিয়াবা বিষাদৰ ছবি অংকন কৰে৷ কেতিয়াবা ৰজা বুলি প্ৰক্ষেপ কৰে ছবি খনৰ জৰিয়তে৷ দৰিদ্ৰ, শ্ৰমিকৰ বেদনাক কেতিয়াবা অংকন কৰি আনৰ সুখত সুখী, আনৰ দুখত দুখী হ’ব বিছাৰে৷

ধৈৰ্য আৰু দৃঢ়তাৰে শিল্পৰ সাধনাত ব্যস্ত থকা পাপুৰ ছবিৰ প্ৰদৰ্শন অনুষ্ঠিত হৈছে কাজিৰঙাৰ কহঁৰা চাৰিআলীত৷ দুদীনিয়া কাৰ্যসূচীৰে অগ্ৰণী অনুষ্ঠান বোকাখাতৰ অধ্যয়ন চক্ৰ প্ৰয়াসৰ উদ্যোগত ফাইন আৰ্টৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিল্পী পাপু ঘোষৰ একক শিল্প প্ৰদৰ্শনী অনুষ্ঠিত হয়৷

অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ শিল্প অনুৰাগী উপস্থিত থাকে৷ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কৰ্মশালাত অংশগ্ৰহণ কৰাৰ উপৰিও শিল্প প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে ২০১৩-১৪ বৰ্ষত অনুষ্ঠিত কৰা ইয়ং টেলেন্ট আৰ্টিছ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে পাপুৱে। প্ৰয়াস অধ্যয়ন চক্ৰৰ এই প্ৰচেষ্টাত কাজিৰঙাৰ সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।