কাজিৰঙাঃ সংস্কৃতিয়ে পৰিৱর্তন কৰাত সহায় কৰে। সংস্কৃতিয়ে অভ্যন্তৰীণ সৃজনশীল প্ৰতিভাক বিকাশত সহায় কৰে। শিল্পকলা বুলি কলে প্ৰধানকৈ কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ আদিয়ে মানুহৰ পৰিৱৰ্তন সাধন কৰে৷
আমাৰ ৰাজ্য অসম খনো চিত্ৰকলা আৰু শিল্পকলাৰ ভৰাল স্বৰূপ৷ অসমৰ বহু যুৱকে বিভিন্ন দিশত প্রতিভা বিকাশ কৰিছে ইতিমধ্যেই৷ জাদু প্ৰদৰ্শন, বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকসংগীত, নাট আৰু থিয়েটাৰ, মূকাভিনয়, কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ কৰি প্ৰতিভা প্ৰকাশ কৰা দেখা যায়৷