টিংখাংঃ মুগাৰ চাহিদা বৰ্তমান বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰা পৰিলক্ষিত হৈছে। সোনালী সূতা উৎপাদনকাৰী মুগা অসমৰ একচেতিয়া সম্পদ। কিন্তু এতিয়া অসম চৰকাৰৰ উদাসীনতাৰ বাবেই এছিয়া মহাদেশৰ ভিতৰতে টিংখাঙৰ দ্বিতীয় বৃহৎ মুগা চোমনি বুলি জনা যোৱা ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মাহমৰা বহু মুখী মুগা ফাৰ্মখন বৰ্তমান ধ্বংসৰ দিশত।
চোমনিখন বৰ্তমান গৰু ছাগলীৰ চৰণীয়া পথাৰৰ দৰে কোনো যেন অস্তিত্ব নাই এতিয়া মুগা চোমনিখনৰ। চোমনিখনৰ বাবে নিয়োজিত কৰ্মচাৰীৰ নামত প্ৰতিবছৰে লাখ লাখ টকা ব্যয় কৰি আহিছে যদিও যোৱ দুবছৰে তথৈবচ অৱস্থাত আছে চোমনিখন।