Home অন্যান্য খবৰচালকৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে নতুন এপ মুকলি কৰিলে মূখ্যমন্ত্ৰীয়ে

চালকৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে নতুন এপ মুকলি কৰিলে মূখ্যমন্ত্ৰীয়ে

by News Desk
75 views
A+A-
Reset

ডিজিটেল ডেস্ক,৩ ছেপ্টেম্বৰ:এতিয়াৰে পৰা ঘৰৰ পৰাই এপযোগে পৰীক্ষা দি লাভ কৰিব পাৰিব চালকৰ অনুজ্ঞাপত্ৰ।ঘৰতে বহি কৰিব পাৰিব চালকৰ অনুজ্ঞাপত্ৰ সম্পৰ্কীয় সকলো কাম।অসম চৰকাৰৰ পৰিৱহণ বিভাগৰ অধীনত ‘অনলাইন লার্ণার্চ লাইচেন্স প্রাপ্তিৰ সুবিধা আৰু ভেহিকল ফিটনেছ এপ’ৰ উন্মোচন কৰা হয়৷মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰে এই এপ৷জনসাধাৰণে আজিৰে পৰা লাভ কৰিব এই বিশেষ সেৱা।জিলা পৰিৱহণ বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰৰে পৰা পৰীক্ষা দি লাভ কৰিব পাৰিব অনলাইন অনুজ্ঞাপত্ৰ।চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ঘৰৰ পৰাই মোবাইলতে কৰিব পাৰিব আৱেদন।এতিয়াৰে পৰা যিকোনো জিলা পৰিবহন কার্যালয়তে বাহনৰ ফিটনেছ প্রমাণপত্র নবীকৰণ কৰিব পাৰিব।

অসমত পঞ্জীয়ন কৰা যান-বাহনৰ ফিটনেছ প্রমাণপত্র নবীকৰণৰ বাবে লোৱা হৈছে এই ব্যৱস্থা।সাধাৰণ মানুহে কোনো দালাল শ্ৰেণীৰ জৰিয়তে যাতে চালকৰ অনুজ্ঞাপত্ৰৰ কাম কৰিব নালাগে তাৰ বাবে এই বিশেষ সুবিধা কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0