Home অন্যান্য খবৰযশস্বী চলচিত্ৰ পৰিচালক দাৰা আহমেদ আৰু নাই

যশস্বী চলচিত্ৰ পৰিচালক দাৰা আহমেদ আৰু নাই

by News Desk
75 views
A+A-
Reset

গুৱাহাটীঃ অসমীয়া বোলচবিৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদ আমাৰ মাজত আৰু নাই৷ আজি পুৱা গুৱাহাটীৰ এপ’ল’ হাস্পাতালত তেখেতৰ মৃত্যু হয় । প্ৰাপ্ত খবৰ মতে কালি দুপৰীয়া ভাত খাই উঠাৰ পিছতেই হঠাৎ বুকুত এক বিষ অনুভৱ কৰাত ততালিকে দাৰা আহমেদক গুৱাহাটীৰ এপ’ল’ হস্পিতালত ভৰ্ত্তি কৰোৱা হৈছিল । চিকিৎসকে লগে লগে তেওঁক আই চি ইউত ভৰ্তি কৰায়। কিন্তু আজি পুৱা চলচিত্ৰ পৰিচালক গৰাকীয়ে চিকিৎসালয়তে শেষ নিঃশ্বাস ত্যাগ কৰে । 

উল্লেখযোগ্য যে ভালেসংখ্যক জনপ্ৰিয় অসমীয়া ছবি পৰিচালনা কৰিছিল দাৰা আহমেদে । এই ছবিসমূহৰ ভিতৰত আছিল ‘ৰিক্সাৱালা’, ‘যখিনী’, ‘উৰ্বশী’, ‘ধ্ৰুৱতৰা’, ‘দেৱী’ ( শম্ভু গুপ্তৰ সৈতে যুটীয়াভাৱে ), ‘পূজা’ আদি । উল্লেখযোগ্য যে জনপ্ৰিয় অসমীয়া ছবি ‘ড° বেজবৰুৱা’ত সহকাৰী পৰিচালক হিচাপে কাম কৰি বোলচবি পৰিচালনাৰ ক্ষেত্ৰত  তেওঁৰ আত্মপ্ৰকাশ ঘটিছিল । মৃত্যুৰ সময়ত দাৰা আহমেদৰ বয়স হৈছিল ৭২ বছৰ ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0