গুৱাহাটী: যোৱাকালি এক নিৰ্দেশনা যোগে অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন জিলা সমুহৰৰ উপায়ুক্ত সকলৰ সালসলনি ঘটায়৷ উল্লেখযোগ্য যে এদিন পূৰ্বেই আৰক্ষী অধীক্ষক সকলৰ সালসলনি ঘটাইছিল ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷

এই নিৰ্দেশনা মতে আইএএছ বিষয়া আয়ুষ গাৰ্গক বাক্সাৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। এচিএছ বিষয়া তেজ প্ৰসাদ ভূচালক বৰপেটাৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে। আইএএছ বিষয়া বিনীতা পেগুক চৰাইদেউৰ উপায়ুক্ত পদলৈ বদলি কৰা হৈছে । চিৰাঙৰ উপায়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছে আইএএছ বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহক। দৰঙৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে আইএএছ বিষয়া প্ৰভাতী থাউচেনক। আইএএছ বিষয়া পি বিজয়া ভাস্কৰ ৰেড্ডীক ধেমাজিৰ উপায়ুক্ত পদলৈ বদলি কৰা হৈছে। ধুবুৰীৰ উপায়ুক্ত হিচাৱে বদলি কৰা হৈছে আইএএছ বিষয়া অনবামুথন এম পিক। আইএএছ বিষয়া মানবেন্দ্ৰ প্ৰতাপ সিঙক গোলাঘাটৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে। এচিএছ বিষয়া মীনাক্ষী দাস নাথক বদলি কৰা হৈছে গোৱালপাৰাৰ উপায়ুক্ত পদলৈ।

আইএএছ বিষয়া ৰোহন কুমাৰ ঝাক হাইলাকান্দিৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। যোৰহাটৰ উপায়ুক্ত পদলৈ বদলি কৰা হৈছে এচিএছ অশোক কুমাৰ বৰ্মনক। আইএএছ বিষয়া সুমিত ছট্টাৱানক লখিমপুৰৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে। আইএএছ বিষয়া মেঘা নিধি দাহলক কোকৰাঝাৰৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে। এচিএছ বিষয়া খৰ্গেশ্বৰ পেগুক কৰিমগঞ্জৰ উপায়ুক্ত পদলৈ কৰা হৈছে বদলি। এচিএছ বিষয়া গীতিমণি ফুকনক নলবাৰীৰ উপায়ুক্ত ৰূপে দায়িত্ব প্ৰদান কৰা হৈছে। আইএএছ বিষয়া পাৱাৰ নাৰ্ছিং সম্ভাজীক তিনিচুকীয়াৰ উপায়ুক্ত পদলৈ বদলি। দক্ষিণ শালমাৰা মানকাচৰৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে আইএএছ বিষয়া হিৱাৰে নিসৰ্গ গৌতমক। শোণিতপুৰৰ উপায়ুক্ত পদলৈ বদলি কৰা হৈছে এচিএছ বিষয়া পবিত্ৰ ৰাম খাউণ্ডক। আইএএছ বিষয়া পি উদয় প্ৰবীনক ওদালগুৰিৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে। এচিএছ বিষয়া উৎপলা শইকীয়াক পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে।