Home ৰাজ্যজাতি-মাটিৰ হকে গীত গাই অকস্মাতে হেৰাই গ’ল বিপ্লৱী শিল্পী ৰাজীৱ শদিয়া…

জাতি-মাটিৰ হকে গীত গাই অকস্মাতে হেৰাই গ’ল বিপ্লৱী শিল্পী ৰাজীৱ শদিয়া…

by News Desk
A+A-
Reset
rajiv sadia

শদিয়াঃ অকস্মাতে হেৰাই গ’ল ৰাজীৱ শদিয়া নামৰ জাতি, মাটিক ভালপোৱা এক বিপ্লৱী শিল্পী সত্তা৷ মাঘৰ উৰুকাক উৰুঙা কৰি অচিন দেশলৈ গুচি গ’ল জনগণৰ বাবে গীত গাই যোৱা শিল্পীগৰাকী৷ জীৱিতকালত জাতিৰ বাবে কৰা কামৰ অৱদান পালে মৃত্যুৰ দিনটোত৷ জনতাই মাঘবিহু পালন নকৰি ৰাজীৱ শদিয়াৰ অন্তিম যাত্ৰাত ভাগ ল’বলৈ পুৱাই ঘৰৰ পৰা ওলাই আহিল৷ গায়ন-বায়নেৰে এক বৃহৎ সমদল কৰি হাজাৰ হাজৰ জনগণে চলচলীয়া চকুৰে চিৰবিদায় জনালে মৰমৰ শিল্পীগৰাকীক৷ ছ’চিয়েল মিডিয়াতো শদিয়াৰ পৰা ধুবুৰীলৈ সমগ্ৰ অসমৰ নেটিজেনে শিল্পীগৰাকীক হৃদয়ৰ নিভৃত কোণৰ পৰা জনালে শেষ শ্ৰদ্ধা। 

বিদায় কালত সকলোৰে অন্তৰত শোকৰ ঢৌ তোলা এইগৰাকী আপোচহীন শিল্পীয়ে জীৱিতকালত পেটত গামোচা বান্ধি স্বদেশ-স্বজাতিৰ হকে গাই গৈছিল ইটোৰ পিছত সিটো গীত। নিজাকৈ এখন গাড়ী, এটা ভাল পকীঘৰ তথা আৰ্থিক স্বচ্ছতা নথকা স্বত্বেও অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ভ্ৰমি গাই গৈছিল বিপ্লৱী গীত৷ প্ৰয়াস কৰিছিল শুই থাকি ভালপোৱা জাতিটোক গীতেৰে জগাই তুলিবলৈ৷ এনেদৰে গীত গাই থকা অৱস্থাতে ১২ জানুৱাৰীৰ নিশা তিনিচুকীয়া জিলাৰ ফিল’বাৰীত অনুষ্ঠিত ৰসবাৰী পৰ্যটন মেলাত হৃদৰোগত আক্ৰান্ত হৈ হঠাৎ ঢলি পৰে শিল্পীগৰাকী। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0