চৌদিশে কেৱল জুই আৰু জুই! জ্বলিছে গছ-গছনি, জ্বলিছে অৰণ্য, চকুৰ পচাৰতে জ্বলি ছাই হৈ পৰিছে সপোনৰ ঘৰবোৰ। মুঠতে সুন্দৰ পাহাৰ আৰু ঘন অৰণ্যৰ বাবে পৰিচিত লছ এঞ্জেলছ এতিয়া প্ৰকৃতিৰ সংহাৰত বিধ্বস্ত হৈ পৰিছে। ক’লা ধোঁৱা আৰু জুইৰ পোৰা পোৰা গোন্ধে ছানিছে আকাশ-বতাহ। কোনো কোনো ঠাইত ঘণ্টাত এশ কিলোমিটাৰ বেগেৰে বিয়পি পৰা জুইৰ লেলিহান শিখাই ছাই কৰি পেলাইছে ন ন অঞ্চল। আমেৰিকাৰ লছ এঞ্জেলছত এতিয়া জীৱন আৰু প্ৰকৃতিৰ সংকট!
বিগত কিছুদিনৰ পৰা বনজুইৰ কবলত পৰিছে লছ এঞ্জেলছ। পাহাৰৰ ঘন অৰণ্যৰ পৰা বিয়পি পৰা এই বনজুইয়ে আৱাসিক অঞ্চলত যেন বিভীষিকা নমাইছে। স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি, এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত কমেও এঘাৰ জন লোকৰ মৃত্যু ঘটিছে। জ্বলি ছাই হৈ পৰিছে হাজাৰৰো অধিক বাসগৃহ। কেইবাহাজৰ একৰ ভূমিত বিয়পি পৰা এই জুইৰ কবলৰ পৰা কেলিফৰ্ণিয়াত বাদ পৰি যোৱা নাই একো। লক্ষ লক্ষ মানুহে ঘৰ এৰি পলায়ন কৰিছে। ন ন অঞ্চললৈ বিয়পি পৰা জুইৰ বাবে আন প্ৰায় দুই লক্ষাধিক লোকক সুৰক্ষিত স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনোৱা হৈছে। লছ এঞ্জেলছৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে প্ৰশাসনে।