নতুন দিল্লীঃ ‘ভুল কৰাটো স্বাভাৱিক, ময়ো ভুল কৰিব পাৰো। মই মানুহ, ঈশ্বৰ নহয়।’ -২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মানৱ সেৱাৰ বাবে ‘পৰমাত্মা’ই প্ৰেৰণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জীৱনৰ প্ৰথমটো প’ডকাষ্টত ভাগ লৈ নিজকে মানৱ সজোৱা পৰিলক্ষিত হ’ল। দৰাচলতে জেৰোধাৰ সহ-প্ৰতিষ্ঠাপক নিখিল কামাতৰ সৈতে প্ৰথমটো প’ডকাষ্টত ভাগ লৈ কথা প্ৰসংগত তেওঁৱো ভুল কৰিব পাৰে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
দুঘণ্টীয়া এই প’ডকাষ্টত শৈশৱ, যৌৱন আৰু কৰ্মজীৱনৰ নানা কথাও ব্যক্ত কৰে তেওঁ। মোদীয়ে কয় যে তেওঁ এতিয়াও নিজৰ ৰিস্ক লোৱাৰ সৰ্বোচ্চ ক্ষমতা ব্যৱহাৰ কৰা নাই। তেওঁৰ ৰিস্ক লোৱা মানসিকতা অতি শক্তিশালী। প’ডকাষ্টত এটা ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেই সময়ত তেওঁ আৰ এছ এছত কাম কৰি আছিল আৰু গাড়ী চলাবলৈ শিকিছিল। এবাৰ ঢাল ৰাস্তা এটাত গাড়ী চলাই থাকোতে তেওঁ ভাৱিলে যে ইঞ্জিনটো বন্ধ কৰি দিলে পেট্ৰ’ল ৰাহি কৰিব পৰা যাব আৰু গাড়ীখনো নিজে নিজে চলি গৈ থাকিব।