গুৱাহাটীঃ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বৰূপ উদঙাইছে সাংবাদিক-ইউটিউবাৰ শ্যাম মীৰা সিঙে। ‘আজটক’কে ধৰি কেইবাটাও আগশাৰীৰ ৰাষ্ট্ৰীয় নিউজ চেনেলত সাংবাদিকতা কৰাৰ অন্তত সম্প্ৰতি ইউটিউবৰ জৰিয়তে মুক্ত সাংবাদিকতা কৰি অহা শ্যাম মীৰা সিঙে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰা বিভিন্ন অভিযোগে খলকনি তুলিছে ৰাজনৈতিক মহলত। ছাত্ৰাৱস্থাৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক গুৰু ভৃগু কুমাৰ ফুকনক লেং মাৰি নিজে বিধায়ক হোৱালৈ, আৰু আলফাৰ নামৰ ধনবাদীৰ অভিযোগৰ পৰা মানবেন্দ্ৰ শৰ্মা হত্যকাণ্ডত নাম সাঙোৰ খাই পৰালৈকে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক আৰু সাংগঠনিক দিশ উজাগৰ কৰি সাংবাদিক শ্যাম মীৰা সিঙে প্ৰস্তুত কৰা ভিডিঅ’টোৱে সামাজিক মাধ্যমত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।
অসমৰ মুখ্যমন্ত্ৰীগৰাকীক লৈ শ্যাম মীৰা সিঙে প্ৰস্তুত কৰা ইউটিউব ভিডিঅ’টোৱে মাত্ৰ ৪ দিনতে লাভ কৰিছে ১.৩ মিলিয়ন ভিউজ। হিন্দীত প্ৰস্তুত কৰা এই ভিডিঅ’ৰ কমেন্ট বক্সত ভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। শ্যাম মীৰা সিঙে তেওঁৰ ভিডিঅ’ত অভিযোগ কৰা অনুসৰি আলফা স্বাধীনৰ সৈতে গভীৰভাৱে জড়িত আছিল হিমন্ত বিশ্ব শৰ্মা। ছাত্ৰ জীৱনৰ সময়তে আছুৰ প্ৰতি প্ৰভাৱিত হোৱা হিমন্ত বিশ্ব শৰ্মাই কটন কলেজত পঢ়ি থকা সময়তে জড়িত হৈ পৰিছিল স্বাধীন অসমৰ দাবী তোলা সংযুক্ত মুক্তি বাহিনী অসমৰ সৈতে।