ভাৰতীয় পুঁজিপতি গৌতম আদানিৰ আদানি গ্ৰুপৰ দৰে বিশ্বৰ শক্তিশালী কৰ্পৰেট সত্তাৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ উত্থাপন কৰি আলোড়নৰ সৃষ্টি কৰা আমেৰিকাৰ শ্বৰ্ট চেলাৰ কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে সামৰিবলৈ সাজু হৈছে নিজৰ যাত্ৰা। হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ সকলো কাম-কাজ বন্ধ কৰাৰ বিষয়ে ঘোষণা কৰিছে কোম্পানীটোৰ প্ৰতিষ্ঠাপক নাথান এণ্ডাৰছনে।
হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ ৱেবছাইটত ব্যক্তিগত টোকাত নাথান এণ্ডাৰছনে কয় যে, “যোৱা বছৰৰ শেষৰ ফালৰ পৰা মই মোৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু মোৰ দলটোক কৈ অহাৰ দৰে মই হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ ভংগ কৰাৰ সিদ্ধান্ত লৈছো।” এই খবৰ প্ৰকাশ পোৱাৰ পিছতে এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এণ্ডাৰছনৰ এনে আকস্মিক সিদ্ধান্তৰ আঁৰৰ কাৰণ জানিবলৈ উত্সুক হৈ পৰিছে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ অনুগামীসকল।