Home ৰাজ্যঅসমৰ বাসিন্দাৰ পৰা কৰ দাবী মিজো আৰক্ষীৰ, পথ নিৰ্মাণ, অসম-মিজোৰাম সীমান্তত উত্তেজনা

অসমৰ বাসিন্দাৰ পৰা কৰ দাবী মিজো আৰক্ষীৰ, পথ নিৰ্মাণ, অসম-মিজোৰাম সীমান্তত উত্তেজনা

by News Desk
92 views
A+A-
Reset

হাইলাকান্দিঃ ২৭ মাৰ্চত কেন্দ্ৰীয় গৃহ বিভাগৰ উত্তৰ পূবৰ দায়িত্বত থকা যুটীয়া সচিব সতেন্দ্ৰ গাৰ্গৰ নেতৃত্বত এটা দলে অসম-মিজোৰাম সীমান্ত ভ্ৰমণ কৰি অসম-মিজোৰাম সীমান্তৰ সংৰক্ষিত বনাঞ্চলৰ পৰা সকলোধৰণৰ নিৰ্মাণ কাৰ্য আতৰোৱাৰ লগতে দুয়ো ৰাজ্যৰ নিয়োগ কৰা নিৰাপত্তাৰক্ষী আতৰোৱাৰ নিৰ্দেশ দিছিল৷ কিন্তু কেন্দ্ৰীয় গৃহ বিভাগৰ সকলো নিৰ্দেশক আওকান কৰি মিজোৰামৰ জনগণ আৰু প্ৰশাসনে সীমান্তত পথ নিৰ্মাণ কাৰ্য চলাই যোৱাৰ লগতে অসমৰ লোকক কৰ বিচাৰি ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷  

কেন্দ্ৰীয় দলটোৱে মিজোৰামৰ অবৈধ দখলৰ কথা স্বীকাৰ কৰি দুয়ো ৰাজ্যৰ প্ৰশাসনৰ লোক আৰু কেন্দ্ৰীয় প্ৰতিনিধিৰ মাজত হাইলাকান্দিৰ কচুৰতলৰ এখন বৈঠকো অনুষ্ঠিত কৰিছিল৷ অসমৰ গৃহ সচীব এল এচ চাংচন, দক্ষিণ অসম আৰক্ষীৰ মহানিৰ্দেশক দেৱৰাজ উপাধ্যায় আদি উপস্থিত থাকি বৈঠক ইতিবাচক বুলি কৈছিল যদিও পুনৰ মিজোই সীমান্তত সন্ত্ৰাস আৰম্ভ কৰে৷ কেন্দ্ৰীয় দলটোৱে অসম-মিজোৰামৰ ভূমি বিবাদৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰাৰ কথা বৰ্তমানেও প্ৰকাশ কৰা নাই যদিও মিজোক কৰ দি অসমৰ ভূমিত সীমান্তৰ অসমৰ বাসিন্দা থাকিব লগাৰ দৰে পৰিৱেশ সৃষ্টি হোৱাৰ দিশে আগবাঢ়িছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0