গোৰেশ্বৰ/মোৰাঝাৰ/গুৱাহাটীঃ অসমীয়া ভাষাৰ সংকট কালত যিগৰাকী লোকে নিজে উদ্যোগত ভাষাটোক উদ্ধাৰ কৰি গৈছে তেওঁ হৈছে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা৷ অসমীয়া ভাষা-সাহিত্যৰ একনিষ্ঠ সাধক, অসমীয়া ভাষাৰ ওজা, হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাক মঙলবাৰে সমগ্ৰ ৰাজ্যই স্মৰণ কৰে৷
অসমীয়া ভাষাৰ ওজা নামেৰে বিখ্যাত অসমীয়া গৰাকীক উজনিৰ পৰা নামনিলৈ ৰাইজে সশ্ৰদ্ধ প্ৰণাম যাচে৷ মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ প্ৰেক্ষাগৃহত হেমকোষ প্ৰকাশন আৰু অসমৰ অন্যতম সংবাদ গোষ্ঠী সাদিন-প্ৰতিদিন গোষ্ঠীয়ে হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস বৰ্ণিল কাৰ্যসূচীৰে পালন কৰে৷