গোৰেশ্বৰঃ নৱ শৰণীয়া এজন আলফা নেতা হোৱাৰ সত্বেও আজিলৈ আলফা সমস্যাৰ সমাধানৰ বাবে মাত নামাতিলে সংসদত৷ নৱ শৰণীয়াই এতিয়া আলফা সমস্যা সমাধানৰ পৰিৱৰ্তে বিটিচিত অবড়োৰ নেতা হৈ বিটিচিত গাঁও কৰ্তনৰ দাবী জনাই আহিছে৷ কিন্তু ৰাইজে বুজি উঠিছে নৱ শৰণীয়াৰ প্ৰকৃত ৰূপ৷ নৱ শৰণীয়া বড়ো হে কিন্তু অবড়োৰ নেতা হৈ আলফা নৱ শৰণীয়াই ৰাইজক আচলতে আন্ধাৰত ৰাখিছিল৷ এই মন্তব্য বিটিচিৰ ইএম গনেশ কছাৰীৰ৷
বিটিচিৰ শুক্লাই চেৰফাং সমষ্টিৰত মঙলবাৰে কেইবাটাও আঁচনিৰ উদ্ধোধন কৰি ইএম গনেশ কছাৰীয়ে সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ তেওঁ কয় ‘‘হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিত যথেষ্ট উন্নতি হৈছে আৰু বিটিচিত হাগ্ৰামা মহিলাৰীৰ পিছত দ্বিতীয় জন নেতা নোলাব৷’’