112
নামতিঃ কোনোকালে নেদেখা প্ৰাণী এটাক দেখি শিৱসাগৰ জিলাৰ নামতিত ৰাইজৰ মনত কৌতুহলে দেখা দিয়ে। নামতি চাৰিআলিৰ বেলুন আলীৰ চোতালত উদ্ধাৰ হোৱা প্ৰাণীটো দৰাচলতে এটা বনৰৌ হে৷ শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত সোমবাৰে নিশা উদ্ধাৰ হয় বনৰৌটো৷
নামতি চাৰিআলিৰ বেলুন আলীৰ চোতালত বনৰৌটো প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ সহযোগত আৱদ্ধ কৰে পৰিয়ালটোৱে। বেলুন আলীয়ে বনৰৌ উদ্ধাৰ হোৱাৰ পিছতো মোবাইল ফোনযোগে বন বিভাগক অৱগত কৰি বনৰৈটো নিবলৈ কয়৷