কোকৰাঝাৰঃ মুম্বাই বড়ো চচাইটিৰ উদ্যোগত আৰু ৰংজালি বৈশাগু উদযাপন সমিতিৰ সহযোগত মুম্বাইৰ চিডো চহৰৰ ইণ্ডাছট্ৰিয়েল ডেভেলপমেণ্ট কনভেনচন চেণ্টাৰত বিপুল উলাহ উদ্দীপনাৰে মুম্বাইস্থিত বড়ো সমাজে বৈশাগু উৎসৱ পালন কৰে। বিভিন্ন চৰকাৰী-বেচৰকাৰী, ব্যক্তিগত-ৰাজহুৱা খণ্ড-প্ৰতিষ্ঠানত কৰ্মৰত উচ্চ পদস্থ বিষয়াকে ধৰি মুম্বাইত বসৱাস কৰা প্ৰায় পাঁচ শতাধিক বড়ো লোক উপস্থিত থাকে৷
অনুষ্ঠানত মাছুম নাৰ্জাৰী আৰু মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োও উপস্থিত থাকে। অনুষ্ঠানত মুম্বাই বড়ো চচাইটিৰ দাবী অনুসৰি অতি শীঘ্ৰেই মুম্বাইত বড়োলেণ্ড অতিথিশালা নিৰ্মাণ কৰা হ’ব বুলি সদৰি কৰি বিধায়ক চৰণ বড়োই এইক্ষেত্ৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।