গুৱাহাটী, ১৪ মেঃ কোভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো চলি আছে এক জৰুৰীকালীন অৱস্থা৷ এই ভয়াবহ অতিমাৰীক প্ৰতিহত কৰিবলৈ প্ৰতিদিনে ৰাজ্য চৰকাৰে ঘোষণা কৰি আহিছে নতুন নতুন ব্যৱস্থা আৰু নিয়ম৷ ৰাজ্যখনত ইতিমধ্যে কোভিড অতিমাৰীয়ে সৰ্বাধিক ক্ষতি কৰিছে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক৷ মনকৰিবলগীয়া যে বিগত বৰ্ষতো ৰাজ্যখনৰ শিক্ষানুস্থান সমুহৰ শৈক্ষিক দিনপঞ্জী যথেষ্ট সাল-সলনি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছিল আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশমতে ২০২১ বৰ্ষৰ শিক্ষাবৰ্ষ আৰম্ভ হৈছিল যোৱা এপ্ৰিল মাহৰ পৰা৷ কিন্তু দুখৰ বিষয় যে পাঠদান আৰম্ভ কৰাৰ কিছুদিনৰ পিছতেই শিক্ষাবিভাগে ৰাজ্যখনৰ বিদ্যালয়,মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ পাঠদান বন্ধ কৰি দিবলৈ বাধ্য হয়, কোভিড ৰোগীৰ ক্ৰমবৰ্ধমান পৰিস্থিতিৰ বাবে৷
উল্লেখযোগ্য যে অনলাইন পাঠদানৰ ব্যৱস্থাতো শ্ৰেনীকোঠাৰ পাঠদান ব্যৱস্থাৰ বিকল্প হিচাৱে যদিও সমানে ফলপ্ৰসু নহয় তথাপিও ৰাজ্য চৰকাৰৰ নিৰ্দ্দেশ অনুসৰি ৰাজ্যখনৰ চৰকাৰী তথা বেচৰকাৰী শিক্ষানুস্থান সমুহে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন পাঠদান ব্যৱস্থা চলাই ৰাখিছে৷ বৰ্তমানলৈ অপৰিবৰ্তিত হৈ থকা কোভিড পৰিস্থিতিৰ বাবে যোৱাকালি ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে এক জাননী যোগে ২০২১ বৰ্ষৰ গ্ৰীষ্মবন্ধ ১৫ মে,২০২১ ৰ পৰা ১৪ জুন,২০২১ লৈ ঘোষণা কৰে৷ এই সিদ্ধান্ত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে গুৰুত্বপূৰ্ণ বুলি আশা কৰিব পাৰি৷ পৰৱৰ্তী এমাহ পিছত যদিহে কোভিডৰ প্ৰাদুৰ্ভাৱ কমে, তেতিয়া গ্ৰীষ্মবন্ধৰ নামত পুনৰ এমাহ শিক্ষাবৰ্ষৰ পৰা লোকচান নহব বুলি আশা কৰিব পাৰি৷