মৰিগাঁওঃ বিজ্ঞান জনপ্ৰিয়কৰণৰ দিশত একান্ত প্ৰচেষ্টাৰে নিৰলস সাধনা কৰি অহা অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ উদ্যোগত বুৰগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত জগত ৰয়ৰ একান্ত প্ৰচেষ্টাত গোটেই দিনজোৰা কাৰ্যসূচীৰে ২৫ ফেব্ৰুৱাৰীত নিয়াৰিকৈ সম্পন্ন হয় আকাশ দৰ্শন আৰু বিজ্ঞান জনপ্ৰিয় বক্তৃতা অনুষ্ঠান তথা জোতিৰ্বিজ্ঞান পৰ্যালোচনা। 

বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানটোত সভাপতিৰ আসন গ্ৰহণ কৰে সমিতিৰ মৰিগাওঁ শাখাৰ সভাপতি ড. বুদ্ধেশ্বৰ কলিতাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ আজীৱন সদস্য জগত ৰয়ে। বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে সমিতিৰ যুটীয়া সম্পাদক নিৰোদ কুমাৰ বড়া।

নিৰ্দিষ্ট বক্তাৰ হিচাপে জ্যোতিৰ্বিজ্ঞান শীৰ্ষক পৰ্য্যালোচনা আগবঢ়ায় জোৰ্তিবিজ্ঞানক যুৱচামৰ মাজত জনপ্ৰিয়কৰণৰ ক্ষেত্ৰখনত কাম কৰি অহা উত্সাহী যুৱক পিণ্টু সৰকাৰে। বিভিন্ন দিশত সহযোগিতা আববঢ়ায় জগদীশ নাথ, কল্যাণ সৰকাৰ, সঞ্জয় কুমাৰ বিশ্বাস,পাৰ্থ প্ৰতিম বৰদলৈ চুতীয়ায়ে। টেলিস্ক'পৰ যোগেদি আকাশ দৰ্শন কাৰ্যসূচী সম্পন্ন কৰা হয়। অনুষ্ঠানত শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।