ওদালগুৰিঃ ২০০৮ চনৰ ৩০ অক্টোৱৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত জৰিত থকাৰ অপৰাধত চিবিআইৰ বিশেষ ন্যায়ালয়ে আজি সংগঠনৰ প্ৰধান ৰঞ্জন দৈমাৰীসহ কেইবাজনো অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে।
এই ৰায়দানৰ পাছতে আজি বিটিচিৰ ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত সৃষ্টি হয় এক আতংকময় পৰিৱেশ। আজি ওদালগুৰি সাপ্তাহিক বজাৰখন দুপৰীয়া হঠাৎ বন্ধ হৈ পৰে। পৰিৱেশ অৱনতিৰ কথা চিন্তা কৰি বিক্ৰেতাসকলে বিক্ৰীৰ বাবে অনা সামগ্ৰীসমূহ আধাতে সামৰি নিজৰ বাসগৃহ অভিমুখে ৰাওনা হোৱা দেখা যায়। ফলত সকলো দোকান পোহাৰ বংক প্ৰতিষ্ঠান বন্ধ হৈ পৰে।