অভয়াপুৰীঃ শিলচৰৰ অইৰংমাৰা স্থিত নিজৰ ভাড়া কোঠাৰ পৰা ১৯ মে’ৰ ৰাতিপুৱা ১০ বজাৰপৰা সন্ধানহীন হৈ আছে বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ ৩ নং ৱাৰ্ডৰ নিবাসী ৰূপজ্যোতি দাস।

ৰূপজ্যোতি শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিজ্ঞান বিভাগৰ ছাত্ৰ। ১৬ মে'ত ৰূপজ্যোতিৰ পৰীক্ষা শেষ হৈছিল।

উল্লেখ্য যে ৰূপজ্যোতি ঘৰলৈ অহা কথা আছিল। কিন্তু ঘৰলৈ ঘৰলৈ নহাত পৰিয়ালৰ লোকে বাৰম্বাৰ ৰূপজ্যোতিৰ লগত যোগাযোগ স্থাপন কৰিবলৈ বিফল হোৱাত উদিগ্ন হৈ পৰে।

ততালিকে পৰিয়ালৰ লোক শিলচৰলৈ আহি ৰূপজ্যোতি থকা ৰুমটো তলা বন্ধ অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে পৰিয়ালে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু থানাত লিখিত অভিযোগ দাখিল কৰে।

জানিব পৰা মতে, ৰূপজ্যোতিৰ লেপটপ, মোবাইল, এটিএম কাৰ্ড, মানিবেগ আটাইবোৰ ভাড়া কোঠাটোতে আছে।

ছাত্ৰ জনৰ সন্ধান পালে ৯৪৩৫৬-১৬০৯৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।