গুৱাহাটীঃ অসমীয়া ছবিক আৰু এখোজ আগুৱাই লৈ যোৱাৰ মানসেৰে নিৰ্মাণৰ সকলো দিশ সামৰি সম্প্ৰতি মুক্তিৰ ক্ষণ গণিছে এখন নতুন অসমীয়া ছবিয়ে ৷ নৰ্মান ষ্টুডিঅ' ৱৰ্কছৰ বেনাৰত নৰেন্দ্ৰ এন সিনহাৰ প্ৰযোজনা আৰু মনি সিনহাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া ছবি 'ৰাফ এণ্ড টাফ'য়ে ২৪ মাৰ্চত মুক্তিলাভ কৰিব।  

ৰোমাণ্টিক একচনধৰ্মী ছবিখন নিৰ্মিত হৈছে এহাল সম্পূৰ্ণ ভিন্ন প্ৰবৃত্তিৰ যুৱক-যুৱতীৰ মাজত গঢ় লৈ উঠা এক অগতানুগতিক প্ৰেম কাহিনীক লৈ ৷ কাহিনীৰ নায়ক খঙাল প্ৰবৃত্তিৰ নিলম্বিত আৰক্ষী বিষয়া হোৱাৰ বিপৰীতে নায়িকাগৰাকী হৈছে নিৰ্জু স্বভাৱৰ চিকিৎসক৷

ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহত অভিনয় কৰিছে ক্ৰমে গুঞ্জন ভৰদ্বাজ, গাৰ্গী খ্ৰীষ্টি, দেৱজিৎ মজুমদাৰ, ৰূপম চক্ৰৱৰ্তী, প্ৰাণকৃষ্ণ মহন্ত, চৈত্যেন শৰ্মা, শৈলভদ্ৰ ডেকাৰাজা, ৰাণী বিষয়া, ৰাজেন নেওগ, বংকিমচন্দ্ৰ ৰাভা, গুণজিৎ বড়ো, ডলিৰাণী দেৱী আৰু মানস কাশ্যপে ৷

ভিন্নস্বাদৰ পাঁচটা গীত সন্নিবিষ্ট কৰা ছবিখনৰ সংগীত ৰিদীপ দাসৰ৷ গীতসমূহত কণ্ঠ দান কৰিছে জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী, ৰিদীপ দাস, আস্থাৰূপা, মুম্বাইৰ চায়ান্তনী আদিয়ে ৷ ছবিখনক সীমান্ত শেখৰৰ কণ্ঠত হীৰেন ভট্টাচাৰ্যৰ এটি দৰদী কবিতাই প্ৰদান কৰিছে অনন্য মাত্ৰা৷

ৰেড-এপিক কেমেৰাৰে সোণাপুৰ, ক্ষেত্ৰী আৰু মেঘালয়ৰ বিভিন্ন মনোমোহা লোকেশ্যনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে মুম্বাইস্থিত অমন ঝাঃ অাৰু ডি অ পি সঞ্জীৱ মিশ্ৰাই ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে মুকলি কৰি দিয়া ছবিখনৰ ট্ৰেইলাৰ, টিজাৰ আৰু প’ষ্টাৰে চলচিত্ৰপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷