Home অন্যান্য খবৰগোলাঘাট জিলাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ

গোলাঘাট জিলাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ

by News Desk
77 views
A+A-
Reset

গোলাঘাটঃ  স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় । উক্ত বৈঠকত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এই ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰে । 

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰোগ চিনাক্ত হোৱাৰ দিন ধৰি ৰোগমুক্ত নোহোৱালৈকে ঘৰতে আছুটীয়াকৈ থকা ক’ভিড ৰোগীসকলৰ খবৰ ৰাখিবলৈ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । তেওঁ কয় যে কোনো কাৰণতে যাতে ক’ভিড আক্ৰান্ত ৰোগীয়ে গৃহ আছুতীয়াকৰণৰ নিয়ম উলংঘা নকৰে তাৰ ওপৰত আশা কৰ্মীৰ পৰা আৰম্ভ কৰি গাঁওবুঢ়া, চিকিৎসক, চক্ৰ বিষয়া তথা উপায়ুক্তলৈকে সকলোৱে চকু ৰাখিব লাগিব । তেওঁ দৈনিক ১০/২০ জন ক’ভিড আক্ৰান্ত লোকলৈ ফোন কৰি তেওঁলোকৰ খবৰ ল’বলৈ চিকিৎসক তথা ইয়াৰ সৈতে জড়িত বিষয়াসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি বিশেষকৈ চাহ বাগিচাসমূহত কোনো ক’ভিডত আক্ৰান্ত শ্ৰমিকক যাতে ঘৰতে আছুটীয়াকৈ থাকিবলৈ দিয়া নহয় সেইয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0