গুৱাহাটীঃ মহানগৰীৰ ধীৰেণপাৰাবাসীৰ উত্তাল প্ৰতিবাদ৷ সাংবাদিক আক্ৰমণকাৰীক আটক কৰি উচিত শাস্তি দিয়াৰ দাবীত আজি ধীৰেণপাৰাৰ শ শ লোক ওলাই আহে ৰাজপথলৈ৷

২৬ আগষ্টৰ নিশা প্ৰায় ১১ বজাত ধীৰেণপাৰাত আগশাৰীৰ নিউজ চেনেল নিউজ লাইভৰ সাংবাদিক বিমান কলিতাক দুৰ্বত্তই চুৰিকাঘাট কৰে৷ কোনো লোকে বাটৰ হেঙাৰ আঁতৰাবলৈ সাংবাদিকগৰাকীক এনেদৰে আক্ৰংমণ কৰা বুলি অভিযোগ উত্থাপিত হয়৷

মহানগৰীৰ মাজমজিয়াৰ ধীৰেণপাৰত এটি নিউজ চেনেলৰ সাংবাদিকক আক্ৰমণৰ ঘটনাই ৰাজ্যৰ নাগৰিক তথা সাংবাদিকৰ জীৱনৰ নিৰপত্তা নোহোৱা বুলিও অভিযোগ উত্থাপিত হয়৷ সাংবাদিকৰ আক্ৰমণৰ ঘটনাক ৰাজ্যৰ দল-সংগঠন তথা কেইবাটাও সাংবাদিকৰ সংগঠনে তীব্ৰ গৰিহণা দিয়াৰ লগতে সাংবাদিকৰ সুৰক্ষা নিশ্চিক কৰাৰ দাবী জনায়৷

তাৰ মাজতে আজি ধীৰেণপাৰাৰ কেইবাশতাধিক লোকে ৰাজ পথলৈ ওলাই আহি সাংবাদিক আক্ৰমণৰ  ঘটনাৰ প্ৰতিবাদ জনায়৷