Home ভাইৰেলপূজা চাবলৈ যোৱা কিশোৰীক ধৰ্ষনৰ অপচেষ্টা ৪ অভিযুক্তক আটক

পূজা চাবলৈ যোৱা কিশোৰীক ধৰ্ষনৰ অপচেষ্টা ৪ অভিযুক্তক আটক

by News Desk
113 views
A+A-
Reset

ডিজিটেল ডেক্স, লিডুঃ ৰাজ্যত কিশোৰী তথা যুৱতীক ধৰ্ষনৰ দৰে ঘটনা সঘনাই সংঘটিত হৈ থকাৰ সময়তে পুনৰ তিনিচুকীয়া জিলাৰ ডিগবৈত সংঘটিত হোৱা আন এক ধৰ্ষন কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পুজা চাবলৈ যোৱা এগৰাকী ১৬ বছৰীয়া কিশোৰীক ৪ জন পাখণ্ডই ধৰ্ষনৰ অপচেষ্টা চলোৱাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷  

পূজাৰ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজতে ডিগবৈত এই ভয়ংকৰ ঘটনা ৷ নিশা  দলবদ্ধ ধৰ্ষনৰ বলি হ’ল এগৰাকী ১৬  বছৰীয়া কিশোৰী ৷ নিশা পূজা চাই ঘৰৰ অভিমূখে উভতি আহি থকাৰ সময়ত  ডিগবৈৰ মুলিয়াবাৰীস্থিত এলেকাত আন্ধাৰৰ সুযোগ লৈ চাৰিজনীয়া এটা দুবৃত্তৰ দলে কিশোৰী গৰাকীক ধৰ্ষনৰ চেষ্টা চলায় ৷ মুলিয়াবাৰীৰ ৰাজহুৱা মঞ্চৰ কিছু দুৰত থকা খেলপথাৰৰ এটা চুকলৈ কিশোৰী গৰাকীক দুবৃত্তৰ দলটোৱে ধৰি নি  ধৰ্ষন চেষ্টা চলোৱাৰ সময়তে  কিশোৰী গৰাকীয়ে চিঞৰ-বাখৰ কৰিবলৈ ধৰে ৷ কিশোৰীগৰাকীৰ চিঞৰ এটা  তহলদাৰী  নিৰাপত্তাৰক্ষীৰ দলে শুনা পায় আৰু  লগে লগে কিশোৰী গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে ৷ 
উলেলখযোগ্য যে নিশা প্ৰায় ১০ মান বজাত ওচৰ চুবুৰীয়াৰ লগত পূজা চাই অকলশৰে কিশোৰীগৰাকী ঘৰলৈ যাব লওতেই ঘটনাটো ঘটে বুলি কিশোৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ দুবৃত্ত কেইটাই পলায়ন কৰে যদিও পাছত কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত চাৰিটা দুবৃত্তক ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু চাৰিজন অপৰাধীক ২৫৮/১৮ US ৩৭৬(D)IPS R/W FCE US POCSO ধাৰাৰ অধীনত জেললৈ প্ৰেৰণ কৰে। অভিযুক্ত কেইটাৰ নাম ক্ৰমে  ডিগবৈৰে সুভম দাস(১৮), অজয় পাণ্ডে (২০), আকাশ চক্ৰৱৰ্তী(20), আৰু ধ্ৰুৱ গগৈ(১৯) বুলি জানিব পৰা গৈছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0