কাজিৰঙাঃ ওপৰৱালা বাইদেউৰ আতিশয্যা সহিব নোৱাৰি এগৰাকী তলতীয়া মহিলা কৰ্মচাৰীয়ে সিন্ধান্ত লৈছে আত্মহত্যা কৰাৰ৷ গোলাঘাট জিলাৰ কাজিৰঙাৰ এগৰাকী শিক্ষয়ত্ৰীয়ে লয় এই সিদ্ধান্ত। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত পূৱ কলিয়াবৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনৰ বাঘমাৰী অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী বীণা বৰাই লৈছে এই সিন্ধান্ত৷ শিশু সংহত প্ৰকল্প বিষয়াৰ কাৰ্যালয়তে আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছে মহিলা কৰ্মচাৰীগৰাকীয়ে।
শিশু সংহত প্ৰকল্প বিষয়া আৰু ছুপাৰ ভাইজাৰে চলোৱা মানসিক নিৰ্যাতনৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সহায়িকাগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ ১৯৯৭ চনত সহায়িকা হিচাবে কৰ্মজীৱনৰ পাতনি মেলে বীণা বৰাই৷ নগাঁও জিলাৰ পূৱ কলিয়াবৰ শিশু সংহত প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বাঘমাৰী অংগনবাড়ী কেন্দ্ৰত সহায়িকাৰ দায়িত্ব নিয়াৰিকৈ পালন কৰে কৰ্মীগৰাকীয়ে।