গোৰেশ্বৰঃ চৰকাৰে যেতিয়া বিজ্ঞান-প্ৰযুক্তিৰ সুবিধা ৰাইজক প্ৰদানত ব্যৰ্থ হয় তেতিয়াই জনসাধাৰণ ওলাই আহে বিভিন্ন পৰম্পৰা পালন কৰিবলৈ। দীৰ্ঘদিন ধৰি প্ৰকৃতিয়ে বৰষুণ টুপিৰ পৰা বঞ্চিত কৰাত পথাৰ শুকাই চিৰাল ফাট মেলিছে। এতিয়া কৃষকে বহু আশাৰে কৰা ধান খেতিডৰা পানীৰ অভাৱত ৰঙচুৱা হৈ নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে।
সেয়ে পৰম্পৰা বিশ্বাসী বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ ৫নং গোৰেশ্বৰ বাগানবস্তিৰ ৰাইজ এতিয়া ওলাই আহিছে ভেকুলী বিয়া পাতিবলৈ। ধৰ্মীয় ৰীতি-নীতি পৰম্পৰা অনুসৰি আজি বাগানবস্তিৰ ৰাইজে খুব ধুমধামেৰে ভেকুলী বিয়া পাতে বৰষুণৰ আশাৰে।