ডিজিটেল ডেস্কঃ হলিউডৰ বিখ্যাত কল্প বিজ্ঞানভিত্তিক চলচিত্ৰ অৱতাৰৰ নিৰ্মাণ হ’ব চিকুৱেল৷ চলচিত্ৰখনৰ পৰিচালক জেমচ কেমেৰুণে 'অৱতাৰ’ৰ ফেচবুক পেজত এই কথা প্ৰকাশ কৰিছে৷  

১৮ ডিচেম্বৰ ২০২০ত চলচিত্ৰখনৰ প্ৰথম চিকুৱেলে মুক্তি লাভ কৰিব৷ দ্বিতীয় চিকুৱেল ১৭ ডিচেম্বৰ ২০২১, তৃতীয় চিকুৱেল ২০ ডিচেম্বৰ ২০২৪ত আৰু চতুৰ্থ চিকুৱেল ১৯ ডিচেম্বৰ ২০২৫ত মুক্তি লাভ কৰিব৷ চলচিত্ৰখনত জোই চেল্ডানা, চেম বৰ্থিঙটন, চিৰ্গোনী ৱীবৰ আৰু ষ্টিফেন লেংগে নিজ নিজ চৰিত্ৰতে অভিনয় কৰিব৷

উল্লেখযোগ্য যে ২০০৯ ত মুক্তি লাভ কৰা অৱতাৰে বক্স অফিছত ২.৮ বিলিয়ন কোটি টকাৰ উপাৰ্জনেৰে আটাইতকৈ বেছি উপাৰ্জন কৰা চলচিত্ৰলৈ পৰিগণিত হৈছিল৷ তদুপৰি ৮২তম একাডেমী এৱাৰ্ডছত কেইবাটাও পুৰষ্কাৰ বুটলিবলৈ সক্ষম হৈছিল চলচিত্ৰখনে।