গোৱালপাৰাঃ সমাজত সঘনে সংঘটিত হৈ থকা বাল্যবিবাহ বন্ধ কৰা আৰু নিৰক্ষৰতা নিৰ্মুলকৰণৰ উদ্দেশ্যে গোৱালপাৰাৰ কেইগৰাকীমান উৎসাহী শিক্ষক আৰু সমাজৰ উদীয়মান যুৱকক লগত লৈ ‘জাগৰণ-এক অবিৰত যাত্ৰা’, নামৰ স্বেচ্ছাসেৱী সংগঠনে প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে কেইবাখনো বাল্য বিবাহ ইতিমধ্যে বন্ধ কৰিবলৈ সক্ষম হৈছে।
উক্ত বিষয় তথা সাম্ভাব্য সমস্যা আৰু বিভিন্ন সময়ত প্ৰশাসনিক বিষয়ত সহায়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰি গোৱালপাৰা আৰক্ষী অধীক্ষকৰ ওচৰত এখনি আবেদন পত্ৰ দাখিল কৰে সংগঠনটোৱে৷ ৰাজনীতি বহিৰ্ভুত আৰু সম্পূৰ্ণ সামাজিক দায়বদ্ধতাৰে বিষয়ববীয়াসকলে নিজৰ গাঠীৰ ধন খৰচ কৰি এই অভিযানক সফল ৰূপ দিয়াৰ চেষ্টা চলাইছে।