তেজপুৰঃ আয়ুসৰ উদ্দেশ্য নৱপ্ৰজন্মক সনাতন ধৰ্ম পৰম্পৰাৰ জ্ঞানৰাশিৰে সমাজ জীৱনৰ সম্পদ ৰূপে গঢ় দিয়া। সেয়ে ৪৫ বছৰৰ অনুৰ্দ্ধৰ যুৱক-যুৱতীক শাৰীৰিক, নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে শিক্ষাৱন্ত কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে সম্পূৰ্ণ আৱাসিক কৰ্মশালা অনুষ্ঠিত কৰি আহিছে।
চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মশালাত এইবাৰ তেজপুৰ ডিপুতা সত্ৰত অনুষ্ঠিত হৈছে ৩০ মাৰ্চৰ পৰা ২ মে লৈ । ইয়াত থাকিব যোগ প্ৰাণায়ম, ধ্যান-ধাৰণা, নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ লগতে গীতাৰ আধ্যাত্মিক দৰ্শনৰ শ্ৰেণীসমূহ।