ডিজিটেল ডেস্কঃ জন্মৰ ৮ মাহতে ৪ বছৰীয়া হ’ল পঞ্জাৱৰ কণমাণি চাহত কুমাৰ। অস্বাভাৱিকভাৱে ওজন বৃদ্ধি পাবলৈ আৰম্ভ কৰা এই কণমাণি কন্যা শিশুটিয়ে চিকিৎসকসকলকো সমস্যাত পেলাইছে। বৰ্তমান ৮ মহীয়া এই শিশুটিৰ ওজন হৈছে ১৭ কিলোগ্ৰাম।

মাতৃ ৰীণা কুমাৰে জানিবলৈ দিয়া মতে, জন্মৰ সময়ত ওজন স্বাভাৱিক আছিল চাহতৰ। কিন্তু যোৱা ৫ মাহ মান হোৱাৰ পিছৰে পৰা হঠাৎ ওজন বাঢ়িবলৈ আৰম্ভ কৰে কণমাণিটিৰ।

পিতৃ সুৰজ কুমাৰে জনোৱা মতে, তাইৰ সম বয়সৰ আন দহটি শিশুৰ তুলনাত অধিক ভোক লাগে চাহতৰ। সঘনে গাখীৰ আৰু আন তেনেধৰণৰ খাদ্য খাবলৈ বিচাৰে বুলিও সুৰজে চিকিৎসকক জনাইছে।

এনে অস্বাভাৱিক ওজনৰ বাবে কণমাণিটিয়ে শ্বাস-প্ৰশ্বাস আৰু টোপনিৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে।

কি কাৰণত চাহতৰ ওজন এনেদৰে বৃদ্ধি পাইছে সেয়া এতিয়ালৈকে নিৰ্ণয় কৰিবলৈ সমৰ্থ হোৱা নাই চিকিৎসকসকল। কিয়নো ওজনৰ দৰেকৈ কণমাণিটিৰ ছালো ইমান ডাঠ যে চিকিৎসকসকলৰ পক্ষে তেজৰ নমুনা সংগ্ৰহ কৰাতো কঠিন হৈ পৰিছে।

চাহতক আগশাৰীৰৰ শিশু ৰোগ বিশেষজ্ঞৰ ওচৰলৈ নিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে যদিও অৰ্থৰ অভাৱত ভাগ্যক ধিয়াই নেদেখাজনৰ কৃপালৈ বাট চাই থাকিবলৈ বাধ্য হৈ পৰিছে পিতৃ-মাতৃ।