56
কালুগাঁওঃ শিৱসাগৰ জিলাৰ শিৱসাগৰ আৰু আমগুৰি বিধান সভা সমষ্টিৰ মাজৰ খৰিকটীয়া আৰু কিৰাই আলিৰ মাজত সংযোগ স্থাপন কৰা গুৰুত্বপূৰ্ণ পথটো বহু বছৰ ধৰি সমষ্টিৰ জন প্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে অতি জৰাজীৰ্ণ হৈ পৰিছে।
পথটো শিৱসাগৰ বিধান সভা সমষ্টিৰ শলগুৰি গাঁও পঞ্চায়ত এলেকাৰ কালুগাঁও আমতল চাৰিআলিৰ সমীপত খৰিকটীয়া আলিত সংযোগ হৈ বৰুৱাচুকৰ মাজেদি নামদাং নৈ পাৰহৈ বাঁহবাৰীটিঙেদি গৈ ৰূপজান দলঙৰ সমীপত কিৰাইআলিত লগ লাগিছে।