বাহকাবাৰীঃ ৰহা সমষ্টিৰ অন্তৰ্গত বগলাজান পঞ্চায়তত চৰকাৰী আঁচনিৰ বৃহৎ দুৰ্নীতিৰ অভিযোগ উঠিছে। পঞ্চায়ত সচিব, সভানেত্ৰী আৰু ৰহা উন্নয়ন খণ্ডৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰীৰ গোপন বুজাবুজিৰে লাখ লাখ টকা ৰাইজৰ উন্নয়নৰ বাবে অহা টকা কণা হাঁহক পতান দিয়াৰ লেখিয়াকৈ চাৰি-পাঁচ গাড়ী শিল-মাটি পেলাই কাম কৰি আৰু দহ ইঞ্চি ইটাৰ ৱালৰ কালভাৰ্ট, প্ৰায় আঢ়ৈ ফুট কৰি দুটা সৰু ৰিং দি নিৰ্মাণ কৰিছে এই কালভাৰ্টসমূহ।
এই কালভাৰ্টৰ পানীৰ বহন ক্ষমতা নাই বুলিয়েই ক’ব পাৰি। কিন্তু এইবোৰ নিৰ্মাণৰ নামত লাখ লাখ টকাৰ অপচয় কৰি দায়িত্বত থকা ঠিকাদাৰ পঞ্চায়তৰ কৰ্মী আৰু ৰহা উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীৰ সহযোগত পঞ্চায়ত এলেকাত প্ৰায় কেইটা আঁচনিৰ কাম কাগজে পত্ৰই সম্পূৰ্ণ কৰি চৰকাৰী লাখ লাখ টকা হৰলুকি হোৱাত সচেতন মহল আচৰিত হৈ পৰিছে।