ডিজিটেল ডেস্কঃ ভাৰতীয় চলচিত্ৰ ইতিহাসত লিপিবদ্ধ হ’ল বাহুবলী ২৷ কেৱল ৯ দিনৰ ভিতৰতে ১ হাজাৰ কোটি টকা আয়ৰে ভাৰতীয় চলচিত্ৰৰ সকলো অভিলেখ ভাঙিলে এছ এছ ৰাজামৌলীৰ বাহুবলীয় ২ য়ে৷

অকল মুম্বাইতে ছবিখনে মুঠ ১০০ কোটিৰ ব্যৱসায় কৰিছে৷ এই ব্যৱসায়েৰে মুম্বাইতো ইতিমধ্যে নতুন অভিলেখ সৃষ্টি কৰিছে বাহুবলীয়ে৷ আনহাতে চলচিত্ৰখনৰ হিন্দী সংস্কৰণেও সকলো ডাব চলচিত্ৰৰ অভিলেখ ভাঙিছে৷

প্ৰথম সপ্তাহতে হিন্দী সংস্কৰণে ২৪৫ কোটিৰ ব্যৱসায় কৰিছে৷ বাহুবলী ২ ৰ অভুতপুৰ্ব সফলতাৰ পিছত বাহুবলী ৩ৰ নিৰ্মাণৰ সংকেত দিছে পৰিচালক এছ এছ ৰাজমৌলীয়ে৷ এক সাক্ষাতকাৰত পৰিচালকগৰাকীয়ে জনায় যে ভাল কাহিনী পালে তেওঁ নিৰ্মাণ কৰিব বাহুবলী।