চৰাইদেউঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ছয় জনগোষ্ঠীয়ে আহ্বান জনোৱা অসম বন্ধৰ উজনি অসমত সৰ্বাত্মক হোৱা পৰিলক্ষিত হৈছে। টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাৰ প্ৰতিবাদত আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ১২ ঘন্টীয়া এই বন্ধৰ ফলত উজনিৰ প্ৰায় আটাইকেইখন জিলাতে জন-জীৱন স্তব্ধ হৈ পৰে।
উল্লেখ্য যে, টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰে জনগোষ্ঠীকেইটাক প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীয় সংগঠনৰ কেইবাজনো নেতাই৷