দিল্লীঃ আটাইতকৈ বেছি  প্ৰতাৰণা কৰা বেংকৰ নাম প্ৰকাশ কৰিছে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই। এই তালিকাত শীৰ্ষ স্থান দখল কৰি কুনাম আৰ্জিছে আইচিআইচি বেংকে৷ ৰিজাৰ্ভ বেংকে কৰা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্যমতে বেংকটোত বৰ্তমানৰ ৰাজকোষৰ প্ৰথম ৯ মাহত ৪৫৫ টা প্ৰতাৰণাৰ ঘটনা সংঘটিত হৈছে৷

আইচিআইচিৰ পিছত দ্বিতীয় স্থানত আছে ভাৰতীয় ষ্টেট বেংক৷ ষ্টেট বেংকৰ ৬৪ জন কৰ্মচাৰী প্ৰতাৰণাজনিত কামত জড়িত। ২০১৬ চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ  চৰকাৰী আৰু ব্যাক্তিগত বেংকৰ মুঠ ৪৫০ জন কৰ্মচাৰী এই কাৰ্যত জড়িত আছে।