নাওকাটাঃ শেহতীয়াভাৱে বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক বেদখলমুক্ত কৰাৰ প্ৰচেষ্টা হাতত লোৱাৰ সময়তে বিটিএডিৰ ওদালগুৰি আৰু বাগসা জিলাৰ সংযোগস্থলী বগামাটিৰ ওচৰত ২৬.২ বৰ্গ কিলোমিটাৰ এলেকাৰে আবৃত বৰনদী অভয়াৰণ্যৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপিত হৈছে সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলটোৰ সচেতন মহলৰ মাজত।
উল্লেখ্য যে, পৃথিৱীৰ বুকুৰ পৰা বিলুপ্তিৰ পথত অৱগাহন কৰা নল গাহৰিৰ আৱাসস্থলী তথা বিচৰণৰ নিৰাপদ ভূমিৰূপে চিহ্নিত কৰি ১৯৮৫ চনতে অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰা বৰনদী সম্প্ৰতি একাধিক সমস্যাৰে জৰ্জৰিত হৈ সংকটৰ গৰাহত পৰিছে।