দিগন্ত বৰ্মণ, বৰনৰ্দ্দী

 

বৰনৰ্দ্দীঃ কলকতাৰ এন আৰ এচ মেডিকেল কলেজৰ কৰ্মৰত চিকিৎসক ডাঃ পৰিভা মুখাৰ্জীক কৰ্তব্য সুচাৰুৰূপে পালন কৰি থকাৰ সময়তে এচাম দুৰ্বিত্বই কৰ্তব্যস্থানতে আক্ৰমন কৰাৰ বিৰোধিতা কৰি আৰু National Law against Hospital Violence আইনখন প্ৰবৰ্তনৰ দাবীত ভাৰতীয় চিকিৎসক সন্থাই গোটেই ভাৰতবৰ্ষৰ সদস্য সকলে ক’লা বেজ পৰিধান কৰে।

আনহাতে, উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত সমাবেশ কৰি “National Law against Hospital Violance" আইন এখন প্ৰৱৰ্তনৰ কাৰণে স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰী লৈ উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰা হয়।  

নলবাৰী জিলাতো শুকুৰবাৰে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰে আই. এম. এ .ৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ ডা° ৰাজুমনি শৰ্মা, নলবাৰী শাখাৰ সম্পাদক ডা° অৰুণ চন্দ্ৰ বৰ্মন, ডা° দিগন্ত গোস্বামী আৰু বহুতো সদস্যই। উক্ত অনুষ্ঠানত চি.আৰ.ইউ. কেন্দ্ৰীয় সমিতিৰ সম্পাদক নৃপেন চন্দ্ৰ কলিতা, সম্পাদক ৰাতুল বৰ্মন আৰু দিলজিৎ বৰ্মনও উপস্থিত থাকে।