61
ডিজিটেল ষ্টাফঃ নাহৰ আলি সংযোগী ঐতিহাসিক পথটোৰ প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰহাট বৰপথাৰ পথৰ ওপৰত অৱস্থিত একমাত্ৰ কাঠৰ দলং খন জহি-খহি যোৱাৰ উপক্ৰম হৈছে।
এই শোচনীয় কাঠৰ দলং খনেৰে দৈনিক সহস্ৰাধিক ৰাইজে একমাত্ৰ কেন্দ্ৰস্থল বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বৰহাট ৰে’লৱে ষ্টেশ্যনলৈ অহাৰ উপৰিও একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণি মহাবিদ্যালয়ৰ লগতে কেইবাখনো বিদ্যালয়লৈ দুৰ্গম পথছোৱাৰে অতিক্ৰম কৰিব লগা হৈছে।