বৰপেটাঃ ঐতিহ্যমণ্ডিত বৰপেটাত যোৱা বিধান সভাৰ নিৰ্বাচনৰ সময়ত বৰ্তমানৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰক সাক্ষী কৰি চহৰখনত বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। আনকি শিক্ষামন্ত্ৰীৰ কথামতে বৰপেটাৰ কিছু শিক্ষাবিদ তথা সমাজ সচেতন ব্যক্তিয়ে অশেষ কষ্টেৰে উক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম আৰু ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰি দাখিলো কৰিছিল।
কিন্তু শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো বিশ্ববিদ্যালয়খন বজালীত স্থাপন কৰা হ’ব বুলি ঘোষণা কৰাত সৰৱ হৈ পৰিছে বৰপেটাবাসী ৰাইজ।