newsnextone.com | বৰপেটাঃ বিজেপি চৰকাৰৰ অসম বিৰোধী কাৰ্যৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাজ্যৰ দল-সংগঠনে৷ এতিয়া প্ৰতিদিনে ৰাজ পথত অসমৰ জনসাধৰণে অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান দি দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰা বিজেপিয়ে এতিয়া অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰি অসমত লাখ লাখ বাংলাদেশী অসমত সংস্থাপন কৰিব বিচাৰে৷ যাৰ বাবে ৰাজ্যৰ ৰাইজ আজি ক্ষোভিত বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত বুধবাৰে নামনিৰ বৰপেটা জিলাত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে লব বিছৰা অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সংগঠনটোৰ নেতা-কৰ্মীয়ে ৰাজ পথলৈ ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পথ অৱৰোধ কৰি বিধেয়কৰ কপি দাহ কৰে৷