বটদ্ৰৱাঃ সমগ্ৰ অসমত আজি বহাগৰ দ্বিতীয় দিনা পালন কৰা হৈছে গোসাঁই বিহু। ইয়াৰ বিপৰীতে বটদ্ৰৱাৰ শ্ৰীশ্ৰী শ’লগুৰি সত্ৰত উলহ-মালহেৰে আজি পালিত হৈছে মানুহ বিহু৷ পুৱাই সত্ৰৰ আই মাতৃসকলে হৰিনাম গাই এগৰাকীয়ে আনগৰাকীক মাহ-হালধি সানি ৰং-ধেমালী কৰা দেখা গৈছে৷ প্ৰতিঘৰৰ গৃহিণীয়ে পদুলিত দক্ষিণাসহ সেৱা আগবঢ়াই আইসকলৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰিছে৷
উল্লেখ্য যে প্ৰথম দিনা গৰু বিহু পালন কৰাৰ পাছত বটদ্ৰৱাৰ শ’লগুৰি সত্ৰত গোসাঁইক আগস্থান দি সত্ৰৰ শ্ৰীশ্ৰী দৌলগোসাঁইৰ পৰম্পৰা অনুসৰি পূজা-অৰ্চনা কৰি গোসাঁই বিহু পালন কৰাৰ পিছত তৃতীয় দিনা অৰ্থাৎ আজিহে মানুহ বিহু পালন কৰে সত্ৰবাসীয়ে৷