শুক্লাইঃ আটাৰীখাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আজি আটাৰীখাট বজাৰখোলাত অবৈধ মদ বিক্ৰী, মানৱ সৰবৰাহ সম্পৰ্কত এক সজাগতা সভা অনুষ্ঠিত হয়।
আটাৰীখাট অঞ্চলৰ লাট গাঁওবুঢ়া শনিৰাম বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত উপস্থিত থাকি ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্হাৰ সম্পাদক ৰবিৰাম বাস্কেই আটাৰীখাট অঞ্চলত অবৈধ ভাবে চুলাই মদ বিক্ৰীত গভীৰ উদ্ধেগ প্ৰকাশ কৰাৰ লগতে পৰৱৰ্তী দিনত যদি প্ৰশাসনে চুলাই মদৰ ব্যৱসায় বন্ধ নকৰে তেন্তে অনিদ্দিষ্টকালীন আটাৰীখাট বজাৰ বন্ধ কৰাৰ সকিয়ণী দিয়ে।