গুৱাহাটীঃ ৰাজনীতিৰ ধামখুমীয়াত সাধাৰণ লোকৰ জীৱনৰ সৈতে জড়িত বহু কাহিনীয়ে হেৰাই যায়। সেই হেৰাই যোৱা জীৱনৰ কাহিনীয়ে আলফুলকৈ তুলি আনি আমাৰ গতানুগতিক চিন্তাত আউল লগাবপৰা এখন অসমীয়া বোলছবি হৈছে বিউটিফুল লাইভজ।

৩০ অক্টোবৰ, ২০০৮ ৰ গণেশগুৰিৰ সেই অভিশপ্ত দিনটো সকলোৰে মনত আছে। সেই ক’লা দিনটোৰে ভুক্তভোগী এজনৰ জীৱনৰ ওপৰত আধাৰিত কংকন ডেকাৰ প্ৰথমখন অসমীয়া বোলছবি বিউটিফুল লাইভজত আছে জীৱনৰ সকৰুণ ছবি- যৌনতা আৰু প্ৰেমৰ কলাসুলভ অভিব্যক্তি। প্ৰেমৰ নিবিড় মুহুৰ্তৰ উপস্থাপনেৰে মুক্তিৰ পুৰ্বেই বিতৰ্কৰ সৃষ্টি কৰা বোলছবিখনে ১৭ ফেব্ৰুৱাৰীত ছবিঘৰলৈ আহি দৰ্শক তথা সমালোচকৰপৰা আশানুৰূপ সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে।

বোমা বিস্ফোৰণৰ ভুক্তভোগী ২৮ বৰ্ষীয় যুৱক অজয়ৰ জীৱন যুঁজক সুক্ষ্ম বিশ্লেষণেৰে দাঙি ধৰি দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হোৱা বোলছবিখন ৰাজ্যখনৰ ৪৫ টা চিত্ৰগৃহত মুকলি কৰা হৈছে।

যৌনতাক সাহসিকতাৰে উপস্থাপন কৰা বোলছবিখনক এ চাৰ্টিফিকেট দিছিল চেঞ্চৰ ব’ৰ্ডে। বিস্ফোৰণত দুয়োখন হাত আৰু এখন ভৰি হেৰুওৱা অজয়ৰ মন আৰু দেহৰ মাজৰ অন্তৰ্দ্বন্দক স্বাভাবিকতে স্পৰ্শকাতৰতাৰে উপস্থাপন কৰা দৃশ্যবোৰে প্ৰত্যেকজন অনুভূতিশীল ব্যক্তিৰ মন চুই যোৱাটো নিশ্চিত। অজয়ৰ চৰিত্ৰত অভিনয় কৰা বলোৰাম দাসৰ অভিনয় অনবদ্য। একেদৰে অজয়ৰ প্ৰেয়সীৰ চৰিত্ৰত জুৰি দত্ত সাৱলীল অভিনয় প্ৰশংসনীয়।

বিস্ফোৰণ,  তাৰ পিছৰ পৰিস্থিতি আৰু মানৱ জীৱনৰ কৰুণ গাঁথাৰ এক বলিষ্ঠ প্ৰতিফলন কংকন দাসৰ বিউটিফুল লাইভজ। সময় এতিয়াও আছে। চাব পাৰে।