ডিজিটেল ডেস্কঃ এতিয়া হৈছে ইউটিউবাৰৰ যুগ। বৰ্তমান প্ৰযুক্তিৰ সৈতে পৰিচিত সকলোৱে জানে এজন ভাল ইউটিউবাৰৰ আয় কিমান হ’ব পাৰে। কিন্তু ২৩ বৰ্ষীয় বিউটি গুৰু এগৰাকীয়ে কৰা আয়ৰ হিচাপ শুনি সকলো আচৰিতেই হ’ব।
ইউটিউবত সৌন্দৰ্যৰ বিষয়ে কৰা চৰ্চাৰ জড়িয়তে জেচমিন নামৰ বিউটি গুৰুগৰাকীয়ে মাহে কৰা আয়ৰ পৰিমাণ শুনিলে চকু কপালত উঠিব। সৌন্দৰ্যচৰ্চা কৰি ভালপোৱা জেচমিনৰ ইউটিউবযোগে আয় হৈছে ৮ লাখ ৩২ হাজাৰ। আকৌ ইনষ্টাগ্ৰামৰ প্ৰতিটো পোষ্টৰ বিনিময়ত জেচমিনে পায় প্ৰায় ২ লাখ টকা।