নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তত ইন্দিৰা আৱাস যোজনা(আই এ ৱাই) আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ জানিব পৰা মতে, উক্ত পঞ্চায়তটোত ২০১৩–১৪ বৰ্ষত আন বহু হিতাধিকাৰীৰ লগতে আবু হানিফা, ফৰজুল হক আৰু মইজ উদ্দিন নামৰ তিনিজন ব্যক্তিৰ নামত সংশ্লিষ্ট কৰ্তৃপক্ষই আইএৱাই গৃহ আবন্টন দিয়াত এই লোককেইজনে ভাৰতীয় ষ্টেট বেংকৰ কদমনি গ্ৰাহক সেৱা কেন্দ্ৰত বেংক একাউন্ট খোলাৰ বাবে দৰকাৰী সকলো নথি-পত্ৰ জমা দিয়ে ৷
কিন্তু এই দৰিদ্ৰ সহজ-সৰল লোককেইজনৰ অজ্ঞতাৰ অচিলা লৈ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰিচালকজনে লোককেইজনৰ পৰা কোনো ফিংগাৰ প্ৰিন্ট সংগ্ৰহ কৰা নাছিল ৷ ইফালে, উক্ত পঞ্চায়তটোৰ স্বয়ং সভাপতিগৰাকীয়েই আকৌ এই বেংক সেৱা কেন্দ্ৰটোৰ পৰিচালক৷ জানিব পৰা মতে, বহুদিনৰ পিছত বেংক সেৱা কেন্দ্ৰটোৰ পৰিচালকৰ দায়িত্বত থকা পঞ্চায়ত সভাপতিজনে হিতাধিকাৰী তিনিজনক চৰকাৰৰ পৰা উক্ত আঁচনিৰ গৃহ আবন্টন পোৱা নাই বুলি কয় যদিও ৩০-৪০ হাজাৰ টকা আশ্চৰ্যজনকভাবে ব্যয় কৰি গৃহনিৰ্মাণৰ কাম আৰম্ভ কৰে৷