গোৰেশ্বৰঃ ৰাইজে নখ জোকাৰিলে হেনো নৈ বয়। বাগসা জিলাৰ গোৰেশ্বৰৰ বেতনা উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ১৪ মাৰ্চত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত বিদ্যালয়খন সম্পৰ্ণ ৰূপে জাহ যোৱা হৃদয় বিদাৰক ঘটনা গোৰেশ্বৰবাসীয়ে পাহৰিব পৰা নাই।
অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ মুঠ আঠটা কোঠাৰ লগতে আচবাব, পুথিভঁৰাল, ষ্টোৰ ৰুম, কম্পিউটাৰ লেব, চায়েন্স লেব, অধ্যক্ষ আৰু শিক্ষকৰ জিৰণি কোঠাৰ লগতে কাৰ্যালয়ৰ প্ৰায় সকলো নথিপত্ৰ জ্বলি ছাই হৈ যায়। বিদ্যালয়খন পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক লগতে শুভাকাংক্ষী ৰাইজৰ পৰা অনুদান আৰু সাহাৰ্য্য আহ্বন কৰা হৈছে।