ডিজিটেল ডেস্কঃ দৰ্শকক আকৰ্ষণ নকৰিলে নেকি বিশ্ববিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মাজিদ মাঝিদিৰ চলচ্চিত্ৰ Beyond The Clouds। ভাৰতীয় পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনে ভাৰতৰ ছবিগৃহত শুকুৰবাৰে দেশজুৰি মুকলি কৰা হৈছে যদিও প্ৰথমদিনাৰ উপাৰ্জনে নিৰাশ নহৈ নোৱাৰি। 

শ্বাহিদ কাপুৰৰ ভাতৃ ইশান কট্টৰৰ জীৱনৰ প্রথমখন ছবি হিচাপে প্ৰশংসনীয় অভিনয় কৰা বুলি সমালোচকে কব খোজে যদিছে যদিও চিনেমাখন দৰ্শকে আদৰি নললে। সমালোচকৰ মতে ছবিখনৰ কাহিনী সাৰুৱা হ’লেও ভাৰতীয় দৰ্শকৰ মন জয় কৰিব নোৱাৰিলে মাজিদিৰ ছবিখনে। 

ইশানৰ বিপৰীতে অভিনয় কৰা মানৱিকা মোহননৰ অভিনয়ো সমাদৃত হোৱা বুলি জানিব পৰা গৈছে। মাজিদিৰ ছবিখন নিৰ্মাণ কৰোতে ব্যয় হৈছে ১.২ কোটি টকা। এই কথাছবিখন মুম্বাইৰ বস্তি এলেকাত দৃশ্যায়ন কৰা হৈছে৷

ভাই-ভগ্নীৰ মাজত থকা গভীৰ সম্পৰ্কৰ বিষয়ে অতি নিয়াৰিকৈ তথা সুন্দৰকৈ দেখিবলৈ পোৱা গৈছে এই ছবিখনত৷ সোণত সুৱগা চৰিছে বিখ্যাত সংগীতজ্ঞ এ আৰ ৰহমানৰ আৱহ সংগীতে।