56
বিজনীঃ সাম্প্ৰদায়িকতা বীজ সিঁচা, ভাৰতত অপশাসন চলোৱা, দেশৰ সম্পত্তিসমূহ শোষণ, দেশৰ সাধাৰণ জনতাক শোষণ কৰা বৃটিছ সাম্ৰাজ্য নিঃশেষ কৰি ভাৰতক স্বাধীনতা লভাৰ স্বাৰ্থত সংগ্ৰাম কৰা স্বাধীনতা সংগ্রামীসকলৰ ভিতৰত অন্যতম আছিল ভগৎ শিং, ৰাজগুৰু আৰু সুখদেৱ।
এই তিনিওজন সংগ্ৰামী কম বয়সতে ভাৰত স্বাধীন আন্দোলনত নামি পৰিছিল আৰু এওঁলোকৰ নেতৃত্বত বহুত আন্দোলন অনুষ্ঠিত হৈছিল। কিন্তুু এওঁলোকক বৃটিছে ১৯৩১ চনৰ আজিৰ দিনটোত ফাঁচি দিছিল।