বৰক্ষেত্ৰীঃ ঢল পুৱাতে বিছনা এৰি তাই পঢ়া টেবুলত বহে৷ মাতৃয়ে তাইক পঢ়া টেবুলত চাহ কাপ নিদিলে অভিমান কৰে তাই৷ মাতৃৰ হাতৰ চাহ কাপ খাই প্ৰায় ৮ বজাত পঢ়া টেবুল এৰি গা-ধুবলৈ যায়৷ লৰা লৰিকৈ গা-পা ধুই ইউনিফৰ্ম পিন্ধি চাইকেল চলাই স্কুললৈ য়ায৷ প্ৰায় এক কিঃ মিঃ পথ চাই কেল চলাই নিতৌ স্কুললৈ য়ায তাই৷ তাই পঢ়াৰ বাহিৰে আন একো নুবুজে৷
ঘৰৰ কাম বনত মাকক সহায় কৰিলেও তাৰ ধাউতি কেৱল পঢ়াত হে৷ আজি পুৱাৰ চাহ কাপ খাই তাই স্কুললৈ লৰা লৰাকৈ চাইকেল খন লৈ ওলাই গৈছিল৷ প্ৰায় তিনি বজাত ঘৰলৈ আহি দৌৰা দৌৰিকে মাকে দিয়া এমুঠি খাই তাই আকৌ টিউচনলৈ য়ায৷ তাই আন দিনা প্ৰায় ৫ বজাত টিউচনৰ পৰা আহি পায় যদিও আজি বহু পলমকৈ আহি নোপোৱাত মাতৃ চিন্তাত পৰে৷ থিক তেনে সময়তে ঘৰ খনলৈ এটা খবৰ আহিল৷