ডিব্ৰুগডঃ ডিব্ৰুগড় জিলাৰ টেঙাখাত উন্নয়ন খণ্ডৰ খেৰেমেৰীয়া গাঁও পঞ্চায়তত বিশেষ গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ অধীনত আজি অনুষ্ঠিত এক গাঁও সভাত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু উপস্থিত থাকে।
সভাত উপস্থিত থাকি অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে বিশেষ গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ অধীনত ৰাজ্য চৰকাৰে গাঁও এলেকা উন্নয়নৰ বাবে হাতত লোৱা ‘আমাৰ গাঁও আমাৰ আঁচনি’ৰ জৰিয়তে এতিয়াৰে পৰা জনসাধাৰণে নিজে চৰকাৰী পুঁজি ক’ত খৰচ হ’ব সেই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সুবিধা কৰি দিছে বুলি উল্লেখ কৰে।